কটন বিশ্ববিদ্যালয়ত এক প্ৰকল্পত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।  

এক বিজ্ঞাপন যোগে কটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে DST-SERB –ৰ অধীনত “Purely Organic Molecular Container Based on Redox Active Expanded Porphyrin.” শীৰ্ষক এক প্ৰকল্পৰ বাবে প্ৰকল্প সহযোগী পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

পদৰ নাম – Project Associate-I, পদৰ সংখ্যা – এটা।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা – ৰসায়ন বিজ্ঞানত যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৬০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব।

দৰমহা – মাহে ২৫,০০০ টকা।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১৫ নৱেম্বৰৰ ভিতৰত বায়’ডাটাসহ তেওঁলোকৰ আৱেদন tridib.sarma@cottonuniversity.ac.in-ত ইমেইল কৰি প্ৰেৰণ কৰিব পাৰে।

ইয়াৰ উপৰি প্ৰাৰ্থীসকলে তলৰ ঠিকনাত পত্ৰ যোগে তেওঁলোকৰ আৱেদন প্ৰেৰণ কৰিব পাৰে –

Dr. Tridib Sarma (Principal Investigator), Assistant Professor, Department of Chemistry, Cotton University, Panbazar, Guwahati-781001, Assam by November 15, 2022

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – অসম চিকিৎসা মহাবিদ্যালয়ক ৩০০ কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদানৰ ঘোষণা মুখ্য মন্ত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply