নিউজ ডেস্ক: ইণ্ডিয়ান বেংকে এক বিজ্ঞাপন যোগে বেংকটোত সৃষ্টি হোৱা ২০২ টা নিৰাপত্তা ৰক্ষী পদৰ নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। সেনাবাহিনী, নৌসেনা বা বায়ুসেনাৰ প্ৰাক্তন কৰ্মচাৰীসকলেও উক্ত পদসমূহৰ বাবে আৱেদন কৰিব পাৰিব।

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব লাগিব। আৱেদন প্ৰক্ৰিয়া ২৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু আৱেদনৰ অন্তিম তাৰিখ হ’ল ৯ মাৰ্চ।

উল্লেখযোগ্য যে মুঠ ২০২ পদৰ ০৪ পদ থাকিব অসম। প্ৰাৰ্থীৰ বয়স ১ জুলাই ২০২১-ত ২৬ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে অবিচি প্ৰাৰ্থীৰ বাবে ৩ বছৰ আৰু এছচি/এছটি প্ৰাৰ্থীৰ বাবে ৫ বছৰৰ ৰেহাই থাকিব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব, অৱশ্যে স্নাতক বা তাতকৈ উচ্চ শিক্ষিত প্ৰাৰ্থীক আৱেদনৰ বাবে যোগ্য বিবেচনা কৰা নহয়।

অসমত গুৱাহাটী আৰু ডিব্ৰুগড়ত পৰীক্ষাৰ কেন্দ্ৰ থাকিব।

আগ্ৰহী প্ৰাৰ্থীসকলে বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰিব পাৰে।

বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰিব পাৰে।

লগতে পঢ়ক – ক’ভিড মহামাৰীৰ মাজতে চাহিদা বৃদ্ধি পাইছে এৰ’ মিকা টি’ৰ কেইটামান বিশেষ চাহৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply