জল জীৱন মিছন, অসমত সৃষ্টি হোৱা খালী পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন যোগে বোকাখাতৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে জল জীৱন মিছনৰ অধীনত ঠিকাভিত্তিক জিলা সমন্বয়কৰ পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে।
পদৰ নাম: District Coordinator-FM
পদৰ সংখ্যা – এটা
প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা Accountancy / Finance বা MBA (Finance)-ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব।
দৰমহা মাহে ৩২,০০০ টকা।
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২ জানুৱাৰীত দিনৰ ১২ বজাৰ ভিতৰত eephe_dwsmbokakhat@rediffmail.com ইমেইল কৰি আৱেদন কৰিব লাগিব।
অহা ৪ জানুৱাৰীত বোকাখাতক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা আৱেলি ৩ বজালৈ ৱাক-ইন-ইন্টাৰ্ভিউ অনুষ্ঠিত হ’ব।
লগতে পঢ়ক – Fact-Check: টাৱাঙত ভাৰত-চীনৰ সংঘৰ্ষৰ মাজতে সামাজিক মাধ্যমত পুৰণি ভিডিঅ’ ভাইৰেল