নিউজ ডেস্ক: শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত খালী হোৱা পাৰ্ট-টাইম যোগ প্ৰশিক্ষকৰ এটা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এই পদ প্ৰথম ৬ মাহৰ বাবে সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব আৰু প্ৰয়োজন সাপেক্ষে চাকৰিৰ কাৰ্যকাল বৃদ্ধি হ’ব পাৰে।

অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা এক বিজ্ঞাপন জনোৱা মতে প্ৰতি সপ্তাহত তিনি দিন কাম কৰিব লাগিব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা যোগ প্ৰশিক্ষণ/ যোগ বিজ্ঞানত ডিপ্লমাসহ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব বা স্নাতক ডিগ্ৰী থকাৰ লগতে আন্তঃ বিশ্ববিদ্যালয়/ ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত বিশ্ববিদ্যালয় বা ৰাজ্যক প্ৰতিনিধিত্ব কৰিব লাগিব।

যিসকলে যোগ প্ৰশিক্ষণ/ যোগ বিজ্ঞানত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে তেওঁলোকক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব।

দৰমহা দৈনিক ১২০০ টকা।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৩ আগষ্টত দিনৰ ১১ বজাত শিলচস্থিত অসম বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত অনুষ্ঠিত হ’ব লগীয়া walk-in-interview-ত বহিব লাগিব। প্ৰাৰ্থীয়ে সাক্ষাৎকাৰত বহিবলৈ অহাৰ সময়ত নিজৰ লগত পূৰণ কৰা আৱেদন পত্ৰৰ লগতে original তথা self-attest কৰা প্ৰয়োজনীয় ডকুমেন্টছ আনিব লাগিব।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – CAA : দেশত Covid ৰ বুষ্টাৰ ড’জ প্ৰদানৰ কাম শেষ হোৱাৰ পিছতে CAA কাৰ্যকৰী হ’ব: অমিত শ্বাহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply