তেল আৰু প্ৰাকৃতিক গে’ছ নিগম চমুকৈ অ’ এন জি চিত খালী হোৱা জুনিয়ৰ কন্সাল্টেন্টৰ বিভিন্ন পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এই পদসমূহ সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব বুলি অ’ এন জি চিয়ে এক বিজ্ঞাপন যোগে সদৰী কৰে।

বিজ্ঞাপনটোত উল্লেখ কৰা মতে অ’ এন জি চিৰ শিৱসাগৰ চেন্ট্ৰেল ৱৰ্কশ্বপত নিযুক্তিৰ বাবে অৱসৰপ্ৰাপ্ত প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। প্ৰাৰ্থীৰ বয়স ৬৫ বছৰৰ ভিতৰত হ’ব লাগিব।

পদৰ নাম – জুনিয়ৰ কন্সাল্টেন্ট; পদৰ সংখ্যা – ৭ টা, ইয়াৰে ৫টা মেকানিকেলৰ আৰু ২টা ইলেক্ট্ৰিকেলৰ।

প্ৰাৰ্থীৰ শিৱসাগৰস্থিত অ’ এন জি চিৰ কেন্দ্ৰীয় কৰ্মশালাত E1 আৰু E3 লেভেলৰ অসৱৰপ্ৰাপ্ত কৰ্মচাৰী আৰু কমেও ১৫ বছৰৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব। দৰমহা মাহে ৪০,০০০ টকা।

আগ্ৰহী প্ৰাৰ্থীসকলে plng_cwssibs@ongc.co.inবা swami_sr@ongc.co.in ইয়াত দিয়া ফৰ্মেটত তেওঁলোকৰ আৱেদন পত্ৰ ইমেইল কৰিব পাৰে।

আৱেদনৰ অন্তিম তাৰিখ – ২৪/০৭/২০২২।

বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply