নিউজ ডেস্ক: দৰঙৰ উপায়ুক্ত কাৰ্যালয়ত খালী হৈ থকা বিভিন্ন পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰা হৈছে।
দৰঙৰ জিলা উপায়ুক্ত কাৰ্যালয়ে এক বিভাগীয় বিজ্ঞাপন যোগে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা মণ্ডল (তৃতীয় বৰ্গ) পদৰ বাবে আৱেদন আহ্বান কৰিছে।
পদৰ সংখ্যা ১৬ টা। ইয়াৰে ৫ টা অসংৰক্ষিত, ৯ টা অ বি চি, ১ টা আৰ্থিকভাৱে পিছপৰা শ্ৰেণী আৰু ১ টা এছ চিৰ বাবে সংৰক্ষিত।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো কেন্দ্ৰীয় বা ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা প্ৰৱেশিকা পৰীক্ষা বা সম পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
প্ৰাৰ্থীৰ ছয় মহীয়া কম্পিউটাৰ শিক্ষাৰ প্ৰমাণ পত্ৰ থকাৰ লগতে অসম জৰীপ আৰু নিষ্পত্তি প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা ছয় মহীয়া ‘Recorders Certificate Class Course (RCCC) Training’-ৰ প্ৰমাণ পত্ৰ থাকিব লাগিব।
দৰমহা মাহে ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকাৰ ভিতৰত; গ্ৰেড পে’ ৬২০০ টকা।
প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী ২০২২ চনত ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে অ’ বি চি/ এম অ’ বি চি প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়সৰ ঊধ্বসীমা ৩ বছৰ, এছ চি প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু পি ডব্লিউ ডি প্ৰাৰ্থীৰ বাবে ১০ বছৰ ৰেহাই থাকিব।
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৩০ অক্টোবৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ষ্টেনডাৰ্ড ফৰ্মত তেওঁলোকৰ আৱেদন পত্ৰ তলৰ ঠিকনাত প্ৰেৰণ কৰিব পাৰে –
Deputy Commissioner, Darrang, P.O. & P.S. – Mangaldai, PIN-784125.
বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – EWS কোটা অনুসূচিত জাতি/অনুসূচিত জনজাতি বৰ্গৰ অধিকাৰক হ্ৰাস নকৰে: এটৰ্নি জেনেৰেল কে কে বেণুগোপাল