নিউজ ডেস্ক: তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিত সৃষ্টি হোৱা ৩ হেজাৰতকৈ অধিক পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ প্ৰকাশ কৰা এক বিজ্ঞাপনত উল্লেখ কৰা মতে বিভিন্ন ট্ৰেডত ৩৬১৪ টা শিক্ষানবিচ (apprentice) পদ খালী হৈ আছে।

প্ৰাৰ্থীৰ বয়স ১৫ মে’ ২০২২ চনত ১৮ৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে বয়সৰ ঊৰ্ধ্বসীমাৰ ক্ষেত্ৰত SC/ST প্ৰাৰ্থীৰ বাবে ৫ বছৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰ OBC প্ৰাৰ্থীৰ বাবে ৩ বছৰ PwBD প্ৰাৰ্থীৰ বাবে ১০ বছৰ PwBD (OBC/NCL) প্ৰাৰ্থীৰ বাবে ১৩ বছৰ আৰু PwBD (SC/ST) প্ৰাৰ্থীৰ বাবে ১৫ বছৰ ৰেহাই থাকিব।

আটাইকেইটা ট্ৰডত ট্ৰেইনিঙৰ সময়সীমা হৈছে ১২ মাহ।

দৰমহা:

স্নাতক apprentice: ৯০০০ টকা

ট্ৰে’ড apprentice (এবছৰ আই টি): ৭,৭০০ টকা

ট্ৰে’ড apprentice (এবছৰ আই টি) : ৮০৫০ টকা

ডিপ্লমা apprentice: ৮০০০ টকা

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১৫ মে’ৰ ভিতৰত আৱেদন কৰিব লাগিব। ২৩ মে’ত ফলাফল ঘোষণা কৰা হ’ব।

বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।

নিযুক্তিৰ অনলাইন ফৰ্মৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – পল্লৱ গোপাল ঝা মহানগৰ পানীযোগান আৰু অনাময় পৰিষদৰ নতুন পৰিচালন সঞ্চালক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply