নিউজ ডেস্ক: তেল আৰু প্ৰাকৃতিক গেছ নিগম (ONGC)-ত সৃষ্টি হোৱা শতাধিক পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা এখন বিভাগীয় বিজ্ঞাপনত ৯২২টা পদত non-executive পদত নিযুক্তি প্ৰদান কৰা হ’ব। উক্ত ৯২২ টা পদৰ ১৬৪ টা পদ অসমৰ বাবে সংৰক্ষিত।
অসমৰ উপৰি ডেহৰাডুনত ২০টা, দিল্লীত ১০টা, মুম্বাইত ২৬৩টা, গোৱাত ৪টা, গুজৰাটত ৩১৮টা, যোধপুৰত ৬টা, চেন্নাই আৰু কাৰাইকলত ৩৮টা, আগৰতলাত ৬৬টা, কলিকতাত ১০টা আৰু বোকাৰোত ২৩টা পদ।
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৮ মে’ৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব লাগিব। General / OBC / EWS আৱেদন প্ৰাৰ্থীৰ আৱেদন মাচুল ৩০০ টকা, SC / ST / PWBD /Ex-servicemen-এ মাচুল দিব নালাগে।
শিক্ষাগত অৰ্হতা তথা আন তথ্যৰ বাবে প্ৰাৰ্থীসকলে ইয়াত ক্লিক কৰক।
অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – ‘বাণিজ্যিক শিক্ষা হৈছে আজি সফলতাৰ মূল পথ’- অমিত শ্ৰীবাস্তৱ