নিউজ ডেস্ক: পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত খালী হৈ থকা বহু কেইটা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে, আৱেদনৰ অন্তিম তাৰিখ ৩০ এপ্ৰিল।

খালী হৈ থকা মূঠ ৪৫টা পদৰ ১টা State Finance Officerৰ পদ আৰু বাকী ৪৪টা Assistant District Programme Managerৰ পদ। অৱশ্যে উক্ত পদসমূহ সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব বুলি জনোৱা হৈছে।

State Finance Officer পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Finance/ Accounting -ত M.Com/ MBA ডিগ্ৰী থকাৰ লগতে প্ৰাৰ্থীৰ ৫ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

দৰমহা মাহে ৫০,০০০ টকা। প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী ২০২২ চনত ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব।

Assistant District Programme Manager পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা (CSE/IT)/MCA/M.Sc (IT/CS) ত অভিযান্ত্ৰিক ডিগ্ৰীধাৰী হ’ব লাগিব। ইয়াৰ উপৰি প্ৰাৰ্থীৰ ন্যূনতম ৩ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

দৰমহা মাহে ৩০,০০০ টকা। প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী ২০২২ চনত ৩০ বছৰৰ ভিতৰত হ’ব লাগিব।

আগ্ৰহী প্ৰাৰ্থীসকলে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।

অনলাইন যোগে আৱেদন কৰিবলৈ ইয়াত ক্লিক কৰক আৰু বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – পুৱাই মহানগৰীত উদ্ধাৰ এজন লোকৰ মৃতদেহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply