নিউজ ডেস্ক: ভাৰতীয় ষ্টেট বেংকত খালী হৈ থকা ৫০০৪টা খালী ক্লাৰিকেল পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

পদৰ নাম: Junior Associate (Customer Support & Sales)

SBI-এ প্ৰকাশ কৰা বিভাগীয় বিজ্ঞাপনত উল্লেখ কৰা মতে মুঠ ৫০০৪ টা পদৰ ভিতৰত ২৫৮ টা পদ অসমৰ বাবে আছে।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

বয়ৰ সময়সীমা ২০ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব।

অনলাইন পৰীক্ষা (Preliminary & Main exam) আৰু প্ৰাৰ্থীয়ে বাছি লোৱা নিৰ্দিষ্ট স্থানীয় ভাষাৰ পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হ’ব।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৭ ছেপ্টেম্বৰৰ ভিতৰত এছ বি আইৰ বিভাগীয় ৱেবছাইটত গৈ অনলাইন আৱেদন কৰিব পাৰে।

General / OBC / EWS-ৰ প্ৰাৰ্থীসকলে ৭৫০ টকা আৱেদন মাচুল জমা দিব লাগিব, অৱশ্যে SC / ST / PwBD / ESM / DESM প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কোনো আৱেদন মাচুল নাই।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – PM-SHRI যোজনা: দেশৰ ১৪,০০০ বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,472 other subscribers

Leave a comment

Leave a Reply Cancel reply