নিউজ ডেস্ক: ভাৰতীয় ষ্টেট বেংকৰ বিভিন্ন শাখাত জুনিয়ৰ এছ’চিয়েটৰ পদত নিযুক্তি সংক্ৰান্তীয় এক অধিসূচনা প্ৰকাশ কৰা হৈছে। এক বিভাগীয় বিজ্ঞাপন যোগে SBI-ত খালী হৈ থকা ৫০০৮ টা পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

পদৰ নাম: জুনিয়ৰ এছ’চিয়েট (গ্ৰাহক সহায়ক আৰু বিক্ৰী)। পদৰ সংখ্যা: ৫,০০৮ টা, ইয়াৰে অসমৰ বাবে আছে ২৫৮ টা পদ।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক বা সমপৰ্যায়ৰ ডিগ্ৰী থাকিব লাগিব।

প্ৰাৰ্থীৰ বয়স ২০ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব।

আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আবেদন মাচুল দিব লাগিব, প্ৰাৰ্থীৰ ৰিজাৰ্ভেচন শিতান অনুসৰি মাচুল বেলেগ বেলেগ হ’ব পাৰে। 

উক্ত পদৰ বাবে অসমত ক্ৰমে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত পৰীক্ষা অনুষ্ঠিত হ’ব। 

পৰীক্ষা কেন্দ্ৰ (অসম): ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৭ ছেপ্টেম্বৰত আৱেদন কৰিব লাগিব। ২৯ অক্টোবৰত Prelims-ৰ এডমিট কাৰ্ড প্ৰকাশ পাব আৰু নৱেম্বৰত Prelims-ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

অনলাইন আৱেদনৰবাবে ইয়াত ক্লিক কৰক।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – ভিক্টৰ দাসৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,473 other subscribers

Leave a comment

Leave a Reply Cancel reply