স্টাফ সিলেকশন কমিছন (SSC)-ৰ অধীনত সৃষ্টি হোৱা ২০,০০০ টা খালী পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
স্টাফ সিলেকশন কমিছনে এক বিভাগীয় বিজ্ঞাপন যোগে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে। Combined Graduate Level (CGL) পৰীক্ষাৰ দ্বাৰা প্ৰাৰ্থী বাচনি কৰা হ’ব।
পদসমূহ হৈছে –
Assistant Audit Officer
Assistant Accounts Officer
Assistant Section Officer
Inspector of Income Tax
Inspector (Central Excise)
Inspector (Preventive Officer)
Inspector (Examiner)
Assistant Enforcement Officer
Sub Inspector
Inspector Posts
Inspector
Assistant
Divisional Accountant
Sub-Inspector/ Junior Intelligence Officer
Junior Statistical Officer
Auditor
Accountant
Accountant/ Junior Accountant
Postal Assistant/ Sorting Assistant
Senior Secretariat Assistant/ Upper Division Clerks
Senior Administrative Assistant
Tax Assistant
Upper Division Clerk
মুঠ পদৰ সংখ্যা হৈছে প্ৰায় ২০,০০০। আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৮ অক্টোবৰৰ ভিতৰত SSC-ৰ বিভাগীয় ৱেবছাইট (https://ssc.nic.in)-ত গৈ আৱেদন কৰিব পাৰে।
আৱেদনৰ মাচুল ১০০ টকা। অৱশ্যে, মহিলা প্ৰাৰ্থীৰ লগতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তি, প্ৰাক্তন কৰ্মচাৰীয়ে আৱেদন মাচুল দিব নালাগে।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাকে ধৰি অন্যান্য বিতং তথ্যৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – ফেক্ট-চেক: বন্ধ লেন্সেৰে চিতাবাঘৰ ফটো তুলিছিল নেকি প্ৰধান মন্ত্ৰীয়ে?