নিউজ ডেস্ক: ষ্টাফ ছিলেকশ্যন কমিছনৰ সৃষ্টি হোৱা দুই সহস্ৰাধিক পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

এক বিজ্ঞাপন যোগে ষ্টাফ ছিলেকশ্যন কমিছনে হে’ড কনিষ্টবল আৰু কনিবষ্টল (চালক)-ৰ খালী হৈ থকা ২২৬৮ টা পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

হে’ড কনিষ্টবল – ৮৫৭ টা পদ (পুৰুষ: ৫৭৩, মহিলা: ২৮৪)

শিক্ষাগত অৰ্হতা: যিকোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা বিজ্ঞান, গণিতক এটা বিষয় হিচাপে লৈ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব।

দৰমহা: পে’ লেভেল -৪ (২৫,৫০০-৮১,১০০ টকা)

প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব।

কনিষ্টবল (চালক) – পুৰুষ, পদৰ সংখ্যা- ১৪১১ টা

শিক্ষাগত অৰ্হতা: যিকোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব।

ইয়াৰ উপৰি প্ৰাৰ্থীয়ে ভালদৰে গধুৰ যান-বাহন (এইচ এম ভি)চলাব পৰাৰ লগতে তেওঁৰ সৈতে গধুৰ যান-বাহন চলোৱাৰ বৈধ অনুজ্ঞাপত্ৰ থাকিব লাগিব।

দৰমহা: পে’ লেভেল-৩ (২১,৭০০-৬৯,১০০ টকা)

প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব।

আৱেদনৰ মাচুল: ১০০ টকা। অৱশ্যে আৰক্ষণ ব্যৱস্থাৰ অধীনত পৰা মহিলা, এছ চি, এছ টি আৰু প্ৰাক্তন কৰ্মচাৰীসকলে কোনো মাচুল দিব নালাগে।

অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে বিভাগীয় ৱেবছাইত (https://ssc.nic.in/) গৈ অহা ২৯ জুলাইৰ ভিতৰত আৱেদন কৰিব লাগিব।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত আৰু ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – Gunfight : তিনিচুকীয়াৰ বৰডুমছাত আৰক্ষী-আলফা স্বাধীনৰ মাজত গুলীয়াগুলী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply