নিউজ ডেস্ক: ষ্টাফ ছিলেকশ্যন কমিছন চমুকৈ SSC–ৰ অধীনত বিভিন্ন টেক্নিকেল পদত সৃষ্টি হোৱা নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
SSC–য়ে অলপতে এক বিজ্ঞাপনৰ জৰিয়তে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়/বিভাগ/সংস্থাত খালী হৈ থকা কনিষ্ঠ অভিযন্তা (Civil, Mechanical, Electrical and Quantity Surveying & Contracts)-ৰ পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে।
পদৰ সংখ্যা এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই।
প্ৰাৰ্থীৰ যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা সংশ্লিষ্ট অভিযান্ত্ৰিক পদত ডিগ্ৰী থাকিব লাগিব বা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা ৩ বছৰৰ ডিপ্ল’মাসহ ২ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
প্ৰাৰ্থীৰ বয়স ৩০-ৰ পৰা ৩২ বছৰৰ ভিতৰত হ’ব লাগিব।
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২ ছেপ্টেম্বৰৰ ভিতৰত SSC–ৰ ৱেবছাইট https://ssc.nic.in/-ত আৱেদন কৰিব পাৰে।
লগতে পঢ়ক – Kidnapped: টিউচন কৰিবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল কিশোৰী