অসম কৃষি বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা বিভিন্ন পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
এক বিজ্ঞাপন যোগে প্ৰতিষ্ঠানটোৱে ইয়াৰ Directorate of Open and Distance Learning (AAU-ODL)-ত খালী হোৱা System Administrator আৰু Data Entry Operator পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰিছে। অৱশ্যে এই নিযুক্তি সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব।
System Administrator পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা – M.Sc.in Computer Science/IT, or BE/B Tech in Computer Science।
দৰমহা মাহে ৩৫,০০০ টকা। বয়স ১৮-ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব।
Data Entry Operator পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা – M.Sc in Computer Science or BE/B Tech in Computer Science Engineering/MCA।
দৰমহা মাহে ২৫,০০০ টকা। বয়স ১৮-ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব।
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৬ ডিচেম্বৰত পুৱা ১০.৩০ বজাত খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত walk-in-interview-ত অৱতীৰ্ণ হ’ব লাগিব।
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – বিজেপিত যোগদান নকৰে হাগ্ৰামাই, চামিল হ’ব এনডিএত