Institute of Company Secretaries of India (ICSI)-ত খালী হোৱা বিভিন্ন বিষয়া পৰ্যায়ৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। পদসমূহ হৈছে – Deputy Director (Corporate Communication), Executive (Academics) আৰু Executive Assistant (Corporate Communication)।

Deputy Director (Corporate Communication)-ৰ এটা পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী Mass Communication / Advertising and Public Relations-ত ৫০% নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বা যিকোনো বিষয়ত ৫০% নম্বৰসহ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে Mass Communication / Advertising and Public Relations-ত কমেও এবছৰৰ ডিপ্লমা থাকিব লাগিব।

প্ৰাৰ্থীৰ বয়স ১ জুনত ৪০ বছৰৰ ভিতৰত হোৱাৰ লগতে ৯ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীয়ে সপ্তম দৰমহা আয়োগৰ অধীনত বছৰি প্ৰায় ১৪.২৩ লাখ টকাৰ মুঠ দৰমহা লাভ কৰিব।

Executive (Academics)-ৰ ৪টা পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য বিভাগৰ স্নাতক বা Economics/ Commerce/ Management/ Law-ত ৫০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব।

প্ৰাৰ্থীৰ বয়স ১ জুনত ৩৫ বছৰৰ ভিতৰত হোৱাৰ লগতে ৫ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীয়ে সপ্তম দৰমহা আয়োগৰ অধীনত বছৰি প্ৰায় ৯.৭ লাখ টকাৰ মুঠ দৰমহা লাভ কৰিব।

Executive Assistant (Corporate Communication)- ৰ এটা পদত Mass Communication / Advertising and Public Relations-ত ৫০% নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বা যিকোনো বিষয়ত ৫০% নম্বৰসহ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে Mass Communication / Advertising and Public Relations-ত কমেও এবছৰৰ ডিপ্লমা থাকিব লাগিব।

প্ৰাৰ্থীৰ বয়স ১ জুনত ৩৫ বছৰৰ ভিতৰত হোৱাৰ লগতে ৩ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীয়ে সপ্তম দৰমহা আয়োগৰ অধীনত বছৰি প্ৰায় ৫.৫ লাখ টকাৰ মুঠ দৰমহা লাভ কৰিব।

আগ্ৰহী প্ৰাৰ্থীয়ে অহা ২০ জুলাইৰ ভিতৰত প্ৰতিষ্ঠানটোৰ ৱেবছাইট https://www.icsi.edu/-ত গৈ অনলাইন আৱেদন কৰিব পাৰে।

বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – Assam Flood : এতিয়াও ৰাজ্যৰ ২০ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,483 other subscribers

Leave a comment

Leave a Reply Cancel reply