নিউজ ডেস্ক: মৰিগাওঁ সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়িকা হিচাপে প্ৰতিনিধিত্ব কৰা তথা মৰিগাওঁ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী জোনজোনালী বৰুৱাৰ দেহাৱসান।

প্ৰায় এমাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে মঙলবাৰে পুৱা ৭ বজাত ইহসংসাৰ ত্যাগ কৰে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে।

সভানেত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ মৰিগাঁও জিলাতে শোকৰ ছাঁ পৰে। ৮০ নং মৰিগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা, মৰিগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী, অসম চৰকাৰৰ প্ৰাক্তন সংসদীয় সচিব আছিল জোনজোনালী বৰুৱা।

তেওঁৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে৷ তেখেতৰ মৃত্যুত কংগ্ৰেছ দলৰ লগতে সমাজৰ এক অপূৰণীয় ক্ষতি বুলি মত পোষণ কৰে প্ৰদেশ কংগ্ৰেছ কমিতিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply