বঙাইগাঁও : সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদকৰ কে এল অ’ত যোগদান। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক জোন কোচ ওৰফে জয়প্ৰকাশ বৰ্মনে কে এল অ’ত যোগদান কৰিলে।
বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু যুৱক-যুৱতীয়ে আলফা (স্বাধীন)ত যোগদনা কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আছে। ৰাজ্য যুৱক-যুৱতী আলফা (স্বাধীন) মুখি হোৱা এই সময় ছোৱাতে পুনৰ এজন যুৱকে যোগদান কৰিলে নিষিদ্ধ ঘোষিত সংগঠনত।
সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক জোন কোচ ওৰফে জয়প্ৰকাশ বৰ্মনে কে এল অ’ত যোগদান কৰা খবৰ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
লগতে পঢ়ক – মাৰ্ঘেৰিটাত পথ দুৰ্ঘটনাত নিহত শিক্ষক
চিকিবিকি হোল্লাগুৰি গাঁৱৰ বাসিন্দা জোন কোচ ওৰফে জয়প্ৰকাশ বৰ্মন দুই সন্তান পিতৃ। দুই সন্তান আৰু পৰিয়াল এৰি জোন কোচ ওৰফে জয়প্ৰকাশ বৰ্মনে কে এল অ’ত যোগদান কৰিয়ে হাতত মাৰণাস্ত্ৰ লৈ সংবাদ মাধ্যমলৈ এক ভিডিঅ’ বার্তা প্ৰেৰণ কৰিছে।