যোৰাবাট : যোৰাবাট আৰক্ষীৰ বৃহৎ সাফল্য। তিনি দুধর্ষ ডকাইত পৰিল যোৰাবাট আৰক্ষীৰ জালত। ডকাইত তিনিজন শিলচৰৰ। কেইবাটাও ডকাইতি আৰু ধনদাবীৰ লগতে বহু অপৰাধমূলক ঘটনাৰ লগত জড়িত।

শনিবাৰে পুৱাৰ ভাগতে যোৰাবাট আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰি তিনিজনকৈ দুধর্ষ ডকাইক গ্ৰেপ্তাৰ কৰে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই যোৰাবাট আৰক্ষীয়ে এই সাফল্য লাভ কৰে।গ্ৰেপ্তাৰ কৰা ডকাইত তিনিজন শিলচৰৰ।

লগতে পঢ়ক –  ৰথ যাত্ৰা সামৰি ঘৰলৈ যোৱা পথতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰেক্টৰ, গুৰুতৰভাৱে আহত ২৫জন যাত্ৰী

এখন তেল পৰিবাহী টেংকাৰত তালাচী চলাই যোৰাবাট আৰক্ষীয়ে শিলচৰৰ কামৰুল ইছলাম, আনোৱাৰ হুছেইন আৰু আব্দুল হুছেইন বৰভূঞা নামৰ ডকাইত তিনিজনক গ্ৰেপ্তাৰ কৰে।ডকাইত তিনিজন কেইবাটাও ডকাইতি আৰু ধনদাবীৰ লগতে বহু অপৰাধমূলক ঘটনাৰ লগত জড়িত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply