নিউজ ডেস্ক: বেংগালুৰুত বিচিএআইৰ তত্বাৱধানত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত জয়লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিলে যোৰহাটৰ ঈশান কাশ্যপে । ১৮ মে’ৰ পৰা ২১ মে’লৈ অনুষ্ঠিত হোৱা খেলখনত ঈশান কাশ্যপে পুৰুষৰ ৮৫ কেজি ছিনিয়ৰৰ সোঁহাত শাখাত সোনৰ পদক অৰ্জন কৰা লগতে বাওঁহাত শাখাত ৰূপৰ পদক অৰ্জন কৰে।

বেংগালুৰুৰ এই প্ৰতিযোগিতাখনত দেশৰ চাৰিশতাধিক খেলুৱৈয়ে অংশগ্ৰহন কৰে। এই প্ৰতিযোগিতা জয় লাভ কৰি ঈশান কাশ্যপে ছেপ্তেম্বৰত মালেছিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃ ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে।
উল্লেখ্য যে, যোৰহাটৰ আৰ্মবাষ্টাৰ্জ ক্লাবৰ সাধাৰণ সম্পাদক ঈশান কাশ্যপ। ইয়াৰ পূৰ্বে তেওঁ যোৱা বছৰ অনুষ্ঠিত হোৱা এছিয়া পাঞ্জা প্ৰতিযোগিতাত পঞ্চম স্থান লাভ কৰিছিল।