নিউজ ডেস্ক- জোনমণি ৰাভাৰ মৰোণোত্তৰ পৰীক্ষাত ফাদিল হ’ল বিস্ফোৰক তথ্য। জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পাছতে তেওঁৰ মৃতদেহটো জখলাবন্ধালৈ লৈ যোৱা হৈছিল। তাৰ পাছতে নগাওঁ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতে মৰেণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।

উল্লেখ্য যে, এই মৰোণোত্তৰ পৰীক্ষা বাবে ১৬ মে’ ৮ বজাত চিকিৎসালয়লৈ মৃতদেহটো অনা হৈছিল আৰু ৯.৪৫ বজাত সম্পন্ন হৈছিল।

 

জানিব পৰা মতে, মৰোণোত্তৰ পৰীক্ষাত  দেহৰ কেইবা ঠাইতো আঘাতৰ চিন, মূৰৰ পাছফালে আছিল গুৰুতৰ আঘাতৰ চিন, আঘাতৰ বাবে প্ৰচুৰ ৰক্ত ক্ষয় হৈছিল জোনমণি ৰাভাৰ। আঠু, ভৰি, কঁকাল, তলপেটত স্পষ্ট আঘাতৰ চিন, পিঠিৰ কেইবা ঠাইতো কামিহাড় ভঙাৰ তথ্য পোহৰলৈ আহিছে মৰোণোত্তৰ পৰীক্ষাত।

লগতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ তথ্য অনুসৰি মৃত্যুৰ সময়ত মগজুৰ ৰক্তক্ষৰণ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈছিল জোনমণি ৰাভাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply