গুৱাহাটী : মহানগৰীৰ গুৱাহাটীৰ কেইবাটাও অঞ্চলৰ নাম সলনি কৰা হ’ব। নতুন নামেৰে জনাজাত হ’ব মহানগৰী গুৱাহাটীৰ কেইবাটাও পুৰণি অঞ্চল। ইতিমধ্যে কালাপাহাৰ আৰু চাৰাপভাট্টিৰ নতুন নাম ঠিৰাং কৰা হৈছে।
কালাপাহাৰ অঞ্চলক নীলাচল নগৰ আৰু চাৰাপভাট্টি অঞ্চলক আৰ্যনগৰ হিচাপে নতুনকৈ নামাকৰণ কৰা হ’ব। ইয়াৰ লগতে গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চলৰ নাম নতুনকৈ নামাকৰণ কৰাৰ প্ৰস্তুতি চলাইছে গুৱাহাটী পৌৰ নিগমে।
লগতে পঢ়ক – বাইক দুর্ঘটনাত মাতৃৰ থিতাতে মৃত্যু : পুত্ৰ আহত
মুখ্যমন্ত্ৰীয়ে মহানগৰী গুৱাহাটীৰ বহু অঞ্চলত পুৰণি নাম সলনি কৰাৰ বাবে আহ্বান জনাইছিল। পৰ্যায়ক্ৰমে ৰাইজৰ আবেদন অনুসৰি বহু ঠাইৰ নাম সলনি কৰা হ’ব বুলি জানিবলৈ দিয়ে মেয়ৰ মৃগেণ শৰণীয়াই।