মানকাচৰ : মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী ঠাকুৰানবাৰীত দৰ্নী নদীৰ গৰাখহনীয়া। এসপ্তাহত ৪ টা পৰিয়ালৰ ঘৰ জাহ গ’ল নদীৰ বুকুত। পথৰ কাষত আৰু পথাৰত আশ্ৰয় ল’বলৈ বাধ্য গৰাখহনীয়াৰ ফলত আশ্ৰয়হীন হৈ পৰা পৰিয়াল কেইটা।
চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লগতে মানকাচৰত নেৰা নেপেৰা বৰষুণৰ ফলত গাৰো পাহাৰৰ পৰা দৰ্নী নদীৰে পানীৰ ঢল নামি অহাত নদীখনত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মানকাচৰৰ ঠাকুৰাণবাৰীত কালো নদীৰ গৰাখহনীয়াৰ ফলত পৰিয়াল এটাৰ পকী গৃহ নদীৰ বুকুত জাহ যায়। বিগত এটা সপ্তাহৰ ভিতৰত গাঁওখনত মুঠ চাৰিটা পৰিয়ালৰ ঘৰ খহনীয়াৰ কবলত পৰাত গৃহহীন হৈ পৰিছে পৰিয়াল কেইটা।
লগতে পঢ়ক – ড্ৰাগছ সৰবৰাহৰ অভিযোগত দম্পতী আটক
গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হৈ পৰা পৰিয়াল কেইটা পথৰ কাষত আৰু পথাৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। পৰিয়াল কেইটা পথৰ কাষত আৰু পথাৰত নিৰপদে আছে যদিও গৰাখহনীয়াই কেইবাটাও পৰিয়ালৰ বাসগৃহৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। পৰিয়াল কেইটা নিৰাপদ স্থানৰ সন্ধানত।