গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ এখন সভা অনুষ্ঠিত কৰা হয়। অতিৰিক্ত উপায়ুক্ত সুকণ্যা বৰা, সহকাৰী আয়ুক্ত অনুৰাগ ৰুদ্ৰৰ উপস্থিতিত আৰু জিলাখনৰ সকলো মূৰব্বী বিষয়াই অংশগ্ৰহণ কৰা এই সভাত প্ৰত্যেকটো বিভাগতে চলি থকা কাম-কাজৰ বিতং পৰ্যালোচনা কৰে উপায়ুক্ত গৰাকীয়ে।

জিলাখনৰ সকলো বিদ্যালয়তে খোৱাপানী থাকিব লাগিব বুলি মন্তব্য কৰি উপায়ুক্ত গৰাকীয়ে সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বিদ্যালয় উপপৰিদৰ্শকক উক্ত বিষয়ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। নীল নিৰ্মল যোজনা, জলজীৱন আঁচনিৰ উপৰি অঙ্গনবাড়ী কেন্দ্ৰসমূহত পানী যোগান নিশ্চিত কৰাৰ বিষয়তো সভাত আলোচনা কৰা হয়। সেইদৰে প্ৰধানমন্ত্ৰীয়ে কৃষকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ হিতাধিকাৰী হোৱাৰ বাবে কৃষকৰ আধাৰ কাৰ্ড প্ৰস্তুতৰ উপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, শ্ৰম, ভূমি সংৰক্ষণ আদি বিভাগসমূহৰ কাম-কাজৰ অগ্ৰগতি ত্বৰান্বিত কৰাৰ সম্বন্ধে সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় পৰামৰ্শ দিয়া হয়।

লগতে পঢ়ক – বিলাসী বাহনেৰে ছাগলী চুৰিৰ চেষ্টা

চাৰাভাট্টি উৰণ সেঁতু, মালিগাওঁ উৰণ সেঁতু আৰু আজাৰা ৰেলৱে ষ্টেচনৰ উৰণ সেঁতু নিৰ্মাণৰ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্ত গৰাকীয়ে সভাত সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। আনহাতে এতিয়াৰে পৰা উপায়ুক্তৰ কাৰ্যালয়, লোক নিৰ্মাণ বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অনুমতি অবিহনে কোনো কাৰণতে কোনো বিভাগ বা সংস্থাই জিলাখনত ৰাষ্টা খান্দিব নোৱাৰিব বুলি উপায়ুক্তগৰাকীয়ে সভাত উল্লেখ কৰি কয় যে জনসাধাৰণৰ যাতায়ত সুচল কৰি ৰখাৰ বাবে প্ৰশাসনে এই স্থিতি গ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply