ৰঙিয়া : ৰঙিয়াত নিশা জব্দ আঢ়ৈ কোটি টকা মূল্যৰ ড্ৰাগছ। ৰঙিয়া নগৰত আঢ়ৈ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে কামৰূপ আৰক্ষীয়ে। বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছখিনিৰ লগতে এজনক হাতে লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

মঙলবাৰে নিশা কামৰূপ আৰক্ষীয়ে এক অভিযান চলাই চৰকাৰে মেধাৱী ছাত্ৰী সকলক প্ৰদান কৰা ৰঙা স্কুটীৰ পৰা জব্দ কৰে ১৮ টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য আঢ়ৈ কোটি টকা বুলি জানিব পৰা গৈছে। ৩১০ গ্ৰাম নিষিদ্ধ ড্ৰাগছৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন ৰঙিয়াৰ টেটেলিগুৰিৰ চফিকুল আলী বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনৰ পৰা চৰকাৰে মেধাৱী ছাত্ৰী সকলক প্ৰদান কৰা এএছ-১৩-এন-৫৮২৮ নম্বৰৰ ৰঙা স্কুটী এখনো জব্দ কৰে আৰক্ষীয়ে। ৰঙিয়া নগৰৰ জি কে কে পেট্ৰল পাম্পৰ সমীপত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰে।

লগতে পঢ়ক –  Horoscope:আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

যুৱকজন দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যাৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে বিগত যোৱা কেইদিনমানত কামৰূপ আৰক্ষীৰ জালত কেইবাজনো ড্ৰাগছ বিক্ৰেতাৰ আৰু ড্ৰাগছ সৰবৰাহকাৰী পৰিছে। কামৰূপ আৰক্ষীয়ে লগতে জব্দ কৰিছে কেইবা কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক জেৰা চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,385 other subscribers

Leave a comment

Leave a Reply Cancel reply