নিউজ ডেস্ক: নেৰানেপেৰা বৰষুণৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বানৰ তাণ্ডৱ আৰম্ভ হ’বলৈ ধৰিছে। বছৰৰ প্ৰথমতো বান্ধে ছিঙিলে কামপুৰত কপিলীৰ প্ৰেমজান মথাউৰি । ফলত বুৰ গৈছে কামপুৰৰ বিভিন্ন অঞ্চল।
জানিব পৰামতে ,খানদংৰ বান্ধ খুলি দিয়াত কপিলী জলস্তৰ বৃদ্ধি পায়। ফলত শনিবাৰে কামপুৰ গোসাঁইগাঁও প্ৰেমজান মথাউৰি ছিঙি নিয়ে কপিলীৰ বাঢ়নী পানীয়ে ৷ বিগত বৰ্ষত দুটাকৈ প্ৰলয়ংকাৰী বানে গোঁসাইগাঁৱৰ প্ৰেমজান মথাউৰি ছিঙি নিয়াৰ পাছত মেৰামতি নামত কেইগাড়ী মান মাটি পেলায় দায়িত্ব সামৰে বিভাগে ৷ যাৰ বাবে এতিয়া পুনৰ বানৰ কৱলত পৰিছে নৈ পৰীয়া ৰাইজ ।
যিকোনে মুহুৰ্ততে বাঢ়নী পানীয়ে প্লাবিত কৰিব কামপুৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁও ৷