বোকাজান : পুনৰ কাৰ্বি আংলং আৰক্ষীৰ জালত ১ কেজি হে’ৰইনসহ দুজন। কাৰ্বি আংলংৰ বোকাজান আৰক্ষীৰ অভিযান গ্ৰেপ্তাৰ দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। জব্দকৃত হে’ৰইনখিনিৰ মূল্য ৭ কোটি টকা বুকি অনুমান কৰা হৈছে।

ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানৰ মাজতো ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী পৰিল আৰক্ষীৰ জালত।

কাৰ্বি আংলংৰ বোকাজানৰ খটখটী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এই সাফল্য লাভ কৰে। পাচলি ভৰ্তি বেগত তালাচী চলাই আৰক্ষীয়ে ৭৯ টা হে’ৰইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাত ১ কেজি হে’ৰইন আছিল।

লগতে পঢ়ক –  সামগ্ৰিক বান পৰিস্থিতিৰ বিষয়ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ বিভাগীয় মুৰব্বী বিষয়াৰে বৈঠক

জব্দকৃত হে’ৰইনখিনিৰ বজাৰ মূল্য ৭ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন মণিতন সিঙ আৰু ৰোহিত সিঙ। দুয়ো পিতা-পুত্ৰ। দুয়ো হোজাই জিলাৰ বাসিন্দা যদিও বৰ্তমান নাগালেণ্ডত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply