কৰিমগঞ্জ : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে লাভ কৰিলে আন এক বৃহৎ সাফল্য। কৰিমগঞ্জত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা জব্দ কৰিলে ১১৮৩ কেজি গাঞ্জা। অসম-ত্ৰিপুৰা সীমান্তত কৰিমগঞ্জত সোমবাৰে নিশা জব্দ কৰে গাঞ্জাখিনি।
এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই অসম আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা ১১৮৩ কেজি গাঞ্জা জব্দ কৰে। গাঞ্জাখিনিৰ লগতে আৰক্ষীয়ে দুজন লোককো গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন ক্ৰমে ৱাছিম আৰু বছিম বুলি চিনাক্ত কৰা হৈছে। আগৰতলাৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ট্ৰাকখন।
লগতে পঢ়ক – ৰাজ্যৰ ২০ খনকৈ জিলাত বানপানীৰ তাণ্ডৱ
সোমবাৰে নিশা প্ৰায় ১১ বজাত আগৰতলাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ট্ৰাকখন ৰখাই আৰক্ষীয়ে ট্ৰাকখনত তালাচী চলাই গাঞ্জাখিনি জব্দ কৰে। আৰক্ষীয়ে ধৃত লোক দুজনক অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। পূৰ্বেও কৰিমগঞ্জত বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ হৈছিল।