নিউজ ডেস্ক: লক্ষ্য স্থানত উপনীত হ’ব নোৱাৰিলোঁ বুলি কৰ্ণাটকৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা বাসৱৰাজ বোম্বাই শেহতীয়া ভাৱে মন্তব্য কৰিছে।
লগতে, পৰৱৰ্তী নিৰ্বাচনত ভাল ফল দেখুৱাবলৈ চেষ্টা কৰিম বুলিও মুখ্যমন্ত্ৰী বোম্বাই কয়।
ইফালে, অশোক গেহলেট কয়, কৰ্ণাটকৰ সাম্প্ৰদায়িক ৰাজনীতুৰ সলনি বিকাশৰ ৰাজনীতি জয়ী হৈছে।
ইফালে কংগ্ৰেছে হৰ্ছট্ৰেডিঙৰ ভয়ত ফলাফল নোলাওঁতেই নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল ওলোৱাৰ পাছতেই কংগ্ৰেছৰ সকলো নিৰ্বাচিত প্ৰাৰ্থীক বেংগালুৰুত উপস্থিত হোৱাৰ নিৰ্দেশ মাল্লিকাৰ্জুন খৰ্গেৰ।
কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ
বৃহৎ জয়ৰ লক্ষ্যৰে আগবাঢ়িছে কংগ্ৰেছে কৰ্ণাটক বিধানসভা নিৰ্বাচনত।
বৰ্তমানলৈকে(দুপৰীয়া ১.৪৬ বজাত) কংগ্ৰেছে ৮ টা সমষ্টি জয়ৰ লগতে ১২৬ টা সমষ্টি অগ্ৰতি লাভ কৰি আছে।
ইফালে, বিজেপি শাসিত হৈ থকা চৰকাৰ খনে ৪ টা আসন জয়ী হোৱাৰ লগতে, মাত্ৰ ৬০ খন আসনত আগবাঢ়ি আছে।
JD(s) দলে ২২ খন আৰু অন্যান্য দলে ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে।
উল্লেখ্য যে, কৰ্ণাটকৰ মুঠ বিধানসভাৰ আসনৰ সংখ্যা ২২৪। জয়ী হ’বলৈ হ’লে ১১৩ টা আসন লাভ কৰিব লাগিব। আগলৈ…