নিউজ ডেস্ক-  কৰ্ণাটকত নিৰ্বাচন সমাগত। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন দল-সংগঠন নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে। বিজেপি কৰ্মীসকলৰ লগতে কংগ্ৰেছৰ কৰ্মীসকলো প্ৰচাৰ চলাই আছে।    

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়েও কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ চলাই আছে। ৰাহুল গান্ধীয়ে বেংগালুৰু মেট্ৰ’ পলিটান ট্রান্সপোর্ট কৰ্পোৰেচনৰ বাছত উঠি প্ৰচাৰ চলায়।

উল্লেখ্য যে, তেওঁ বাছত উঠি মহিলাসকলৰ সৈতে কথা পাতে আৰু মহিলাসকলৰ বাছত বিনামূলীয়া টিকটৰ বাবে ইয়াৰ ইস্তাহাৰত কংগ্ৰেছে উল্লেখ কৰাৰ ওপৰত তেওঁলোকৰ মতামত বিচাৰে।

লগতে ৰাহুল গান্ধীয়ে কংগ্ৰেছ শাসনলৈ আহিলে গৃহলক্ষী আঁচনিৰ জৰিয়তে পৰিয়ালৰ মুৰব্বী হিচাপে মহিলাক ২,০০০ টকা দিয়াৰ ক্ষেত্ৰতো তেওঁলোকৰ মতামত প্ৰকাশ কৰিবলৈ আহ্বান কৰে। প্ৰচাৰৰ সমাপ্ত হোৱাত  ৰাহুল গান্ধীয়ে জনসম্পৰ্কৰ ওপৰত অধিক গুৰুত্ব দিবলৈ পোনপটীয়াকৈ ৰাজহুৱা বাছত ভ্ৰমণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply