পুনৰ উগ্ৰপন্থী দমনত সফল কাশ্মীৰৰ নিৰাপত্তা বাহিনী
পুনৰ উগ্ৰপন্থী দমনত সফল হৈছে কাশ্মীৰৰ নিৰাপত্তা বাহিনী। মঙলবাৰে ৰাতিপুৱা কাশ্মীৰ আৰক্ষীয়ে কাশ্মীৰৰ শ্বোপিয়ান অঞ্চলত ৩ জন লস্কৰ-ই-তৈবা উগ্ৰপন্থীক নিহত কৰে। জানিব পৰা মতে অঞ্চলটোত নিৰীক্ষণৰ সময়তে উগ্ৰপন্থীসকলে হঠাতে আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। নিৰাপত্তাৰক্ষীৰ প্ৰত্যাক্ৰমণত তিনিজন উগ্ৰপন্থী নিহত হয়।
কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি, মঙলবাৰে পুৱতি নিশা নিৰাপত্তাৰক্ষীৰ সৈতে উগ্ৰপন্থীসকল সংঘৰ্ষত লিপ্ত হয়। শ্বোপিয়ানৰ মুঞ্জ মাৰ্গ অঞ্চলত প্ৰায় দুঘণ্টা ধৰি চলা গুলীয়াগুলীত উগ্ৰপন্থী তিনিজন নিহত হয়।
নিহত তিনিওজন লস্কৰ-ই-তৈবাৰ সক্ৰিয় সদস্য। এজন উগ্ৰপন্থীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। বাকী দুজনৰ এজন লস্কৰ উগ্ৰপন্থী লতিফ লোন বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে কিছুদিন পূৰ্বে কাশ্মীৰ প্ৰশাসনে কাশ্মীৰত এজন লস্কৰ উগ্ৰপন্থী নেতাৰ সম্পত্তি জব্দ কৰিছিল। পলাতক আব্দুল ৰছিদ ওৰফে জাহাংগীৰে নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ বিভিন্ন স্থানত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ চলাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছিল। উগ্ৰপন্থীজনৰ ঘৰটো উপত্যকাৰ ডোডা জিলাৰ খানপুৰা গাঁৱত অৱস্থিত। ঘৰটো শনিবাৰে জব্দ কৰা হৈছে। ইয়াৰ পিছত আৰক্ষীয়ে লস্কৰ উগ্ৰপন্থীৰ ঘাটি বিচাৰি অভিযান আৰম্ভ কৰে।