নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সম্পৰ্কীয় এটা গোচৰৰ সন্দৰ্ভত আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিজেপি সাংসদ সঞ্জয় সিঙক আহমেদাবাদৰ এখন আদালতত হাজিৰ হোৱা নিৰ্দেশ প্ৰদান কৰা হৈছিল। কিন্তু এইবাৰো দুয়ো আদালতত উপস্থিত নাথাকে। তেওঁলোক দুজনৰ উকীলে উপস্থিতিৰ পৰা অব্যাহতিৰ বাবে আবেদন কৰিছিল, যাক আদালতে আজি গ্ৰহণ কৰে।
অৱশ্যে, অতিৰিক্ত মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশ জয়েশ চৌতিয়াই দুয়োকে ১৩ জুলাইত আদালতত পুনৰ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাট বিশ্ববিদ্যালয়ত পঢ়াৰ আৰু ডিগ্ৰী সম্পৰ্কে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিজেপি সাংসদ সঞ্জয় সিঙে RTI জৰিয়তে জানিবলৈ বিচাৰি আবেদন কৰিছিল। কিন্তু গুজৰাট বিশ্ববিদ্যালয়ৰ ভাবমূৰ্তি কৰা হৈছে বুলি অভিযোগ তুলি বিশ্ববিদ্যালয়খনে দুয়োজন নেতাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।
লগতে পঢ়ক – গোলাঘাটৰ কৃষি বিষয়াসকলৰ সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক