নিউজ ডেস্ক: অসমৰ বাবে এক সু-খবৰ । অসমৰ অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক কেনি বসুমতাৰীক শেহতায়াকৈ দেখিবলৈ পোৱা যাব সকলোৰে প্ৰত্যাশিত ছবি ‘জাৱান’ত । অসমীয়া হাস্যব্যংগ ছবি ‘লোকেল কুংফু’ৰ জৰিয়তে বিশেষ জনপ্ৰিয়তা লাভ কৰা অসমৰ জনপ্ৰিয় অভিনেতা কেনি বসুমতাৰী ।

এটলী কুমাৰৰ দ্বাৰা পৰিচালিত ‘জাৱান’ ছবিত অভিনয় কৰিছে শ্বাহৰুখ খান, নয়ন্তৰা, দীপিকা পাডুকন আৰু বিজয় থেলাপত্তিৰ দৰে ছুপাৰষ্টাৰে।

কেনি বসুমতাৰীয়ে জনোৱা অনুসৰি, তেওঁ কিং খানৰ পিতৃৰ ৪ জনীয়া কমাণ্ডো দলৰ অংশ আৰু এজন অৱসৰপ্ৰাপ্ত কমাণ্ডোৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াক তেওঁ নিজৰ বাবে এক বৃহৎ সুযোগ বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক: হিমাচলত আৱদ্ধ অসমৰ তবলা বাদক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply