নিউজ ডেস্ক: কেৰেলাত দুগৰাকী মহিলাক অতি বীভৎসভাৱে হত্যা কৰাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, কেইবামাহ পূৰ্বে হত্যাৰ সন্দেহ কৰা মহিলা দুগৰাকীৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ কৰা হয়।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে আৰক্ষীয়ে ইয়াক ‘মানৱ বলিৰ’ ঘটনা বুলি সন্দেহ কৰিছে। আৰক্ষীয়ে উক্ত ঘটনাত জড়িত থকাৰ অভিযোগত এহাল দম্পতী আৰু আন এজন লোকক গ্ৰেপ্তাৰ কৰিছে।
ধৃত লোক কেইজনক মহম্মদ শ্বাফি, ভাগৱাল সিং আৰু তেওঁৰ পত্নী লাইলা বুলি চিনাক্ত কৰা হৈছে। মহিলা দুগৰাকীক হত্যাৰ পূৰ্বে ‘নিৰ্মম অত্যাচাৰ’ চলোৱা হৈছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
NDTV-ত প্ৰকাশিত খবৰ অনুসৰি মহম্মদ শ্বাফিয়ে মহিলা দুগৰাকীক এখন ‘পৰ্ণ ছবিত’ অভিনয় কৰোৱাৰ কথা দি মাছাজ থেৰাপিষ্ট ভাগৱাল সিং আৰু তেওঁৰ পত্নী লাইলাৰ ওচৰলৈ লৈ যোৱাৰ বিপৰীতে একে সময়তে দম্পতী হালক আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মানৱ বলিৰ পৰামৰ্শ দিছিল।
কোচি আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটোৱে কয়, “হত্যা কৰাৰ পিছত অভিযুক্তই মহিলা দুগৰাকীৰ শৰীৰৰ কিছু অংশ খাই পেলোৱাৰ সন্দেহ কৰা হৈছে। তদন্ত চলি আছে, আমি এতিয়াও নিশ্চিত নহয়। মূল অভিযুক্ত শ্বাফি এজন বিকৃত মানসিকতাৰ ব্যক্তি। আমি তদন্ত কৰি আছো।”
লগতে পঢ়ক – বৰষুণ, ভূমিস্খলনৰ ফলত কাচাৰ, ডিমা হাচাওত বিঘ্নিত ইষ্ট-ৱেষ্ট কৰিডৰৰ কাম