নিউজ ডেস্কঃ প্ৰস্তাৱিত শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে আৱন্টন কৰা ভূমি সোমবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ে পৰিদৰ্শন কৰে৷ ইতিমধ্যে চিকিৎসা শিক্ষানুষ্ঠানখন নিৰ্মাণৰ বাবে বিধিগত প্ৰক্ৰিয়া আৰম্ভ কৰা চিকিৎসা মহাবিদ্যালয়খনৰ বাবে বাটপথৰ সুচলতা, শৈক্ষিক ভৱন, চিকিৎসালয় আদি নিৰ্মাণৰ বিভিন্ন দিশ নিৰীক্ষণ কৰি জিলা প্ৰশাসন, ৰাজহ বিভাগ আৰু লোকনিৰ্মাণ (গৃহ) বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনা মন্ত্ৰী গৰাকীয়ে কৰে৷

উল্লেখ্য যে, ডিমৌৰ ১০০ বিঘাতকৈও অধিক ভূমিত বিস্তৃত কৰি নিৰ্মাণ কৰিবলৈ লোৱা এই চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য এইবৰ্ষতে আৰম্ভ কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে৷ ইতিমধ্যে আধাৰশিলা স্থাপন কৰা শিৱসাগৰ কৰ্কট কেন্দ্ৰটিও প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ চৌহদতে নিৰ্মাণ কৰিবলৈ মনস্থ কৰে ৰাজ্যখনৰ চিকিৎসা বিভাগটোৱে ।

তদুপৰি, এই পৰিদৰ্শন কালত মন্ত্ৰী কেশৱ মহন্তয়ে স্থানীয় ৰাইজৰ সৈতেও চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ সংক্ৰান্তত মত বিনিময় কৰে৷ পৰিদৰ্শনকালত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, জিলা উন্নয়ন আয়ুক্ত বিতোপন নেওগ, চক্ৰ বিষয়া ফিলিছ ভিএলএইচ ৰাংছাল, লোকনিৰ্মাণ(গৃহ) বিভাগৰ কাৰ্যবাহী অভিযন্তা আদিয়ে মন্ত্ৰী গৰাকীক সহযোগ কৰে ৷
লগতে পঢ়ক – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত সমান্য ৰদ-বদল