নিউজ ডেস্ক: পুৱা ৯-৪০ বজাত ডিব্ৰুগড়ত উপস্থিত হৈছে কাৰাবন্দী খালিস্তানী সমৰ্থকৰ ১০ জনীয়া পৰিয়ালৰ দল। অমৃতসৰ বিমানবন্দৰৰ পৰা ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈছে ৱাৰিছ পঞ্জাৱ দে’ৰ কাৰাবন্দী খালিস্তানী সমৰ্থকৰ একোজনকৈ পৰিয়ালৰ সদস্য।
এছ জি পি চিৰ নেতৃত্বত দলটো ডিব্ৰুগড়ত উপস্থিত হৈছে। উপস্থিত হোৱাৰ পাছতে দলটোৱে পোনে পোনে ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰালৈ ৰাওনা হয়।
দলটোৰ লগত অহা অধিবক্তা ভগৱন্ত সিং চিয়ালকাই বিমানবন্দৰতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু এই সমগ্র প্ৰতিক্ৰিয়া আগন্তুক নিৰ্বাচনকেন্দ্রিক বুলি অভিহিত কৰে।
বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী মোতায়ন কৰা হৈছে।
জানিব পৰামতে দলটো কাইলৈ পুনৰ পঞ্জাবলৈ উভতি যাব।