খাৰুপেটীয়া : পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত দাগ লগালে এজন আৰক্ষী বিষয়াই। ৫ লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ হ’ল এজন আৰক্ষী বিষয়া। এগৰাকী চিকিৎসক আৰু এগৰাকী শিক্ষকৰ পৰা ৫ লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ হ’ল উৎপল বৰা নামৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।
উৎপল বৰা ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৈ থাকোতে ৰুস্তম আলী আৰু আনদা আলী নামৰ চিকিৎসক আৰু শিক্ষকৰ বিৰুদ্ধে জীৱন মিছনৰ পাইপ চুৰিৰ ভুৱা গোচৰ পঞ্জীয়ন কৰি দুয়োকে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে মধ্যভােগীৰ জৰিয়তে গােচৰৰ পৰা ৰেহাই দিয়াৰ বিনিময়ত দুয়োৰে পৰা ৫ লাখ টকা দাবী কৰিছিল উৎপল বৰাই।
পৰৱৰ্তী সময়ত চিকিৎসক আৰু শিক্ষক গৰাকীয়ে ঘটনা সন্দৰ্ভত উচ্চ আৰক্ষী বিষয়াক সকলো কথা অৱগত কৰাত অসম আৰক্ষীয়ে গোপনে তদন্ত আৰম্ভ কৰিছিল উৎপল বৰাৰ বিৰুদ্ধে। উৎপল বৰাৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ লাভ কৰাৰ পিছতে দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উৎপল বৰা নামৰ আৰক্ষী বিষয়া গৰাকীক।
১৪৮/২২ ধাৰা অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী বিষয়া উৎপল বৰাক। আৰক্ষী বিষয়া উৎপল বৰাৰ বিৰুদ্ধে মাটিৰ দালালৰ লগত হলিগলি কৰাৰো অভিযোগ আছে। উৎপল বৰা দুবাৰকৈ বিদেশ ভ্ৰমণ কৰাৰ লগতে বিলাসী গাড়ী, অগাধ সম্পত্তিৰ গৰাকীও বুলি অভিযোগ কৰিছে একাংশই।
লগতে পঢ়ক – শীঘ্ৰে অৰুণোদয় আঁচনিৰ পৰা নাম বাদ পৰিব বহু হিতাধিকাৰীৰ! চাওক কি ক’লে মুখ্য মন্ত্ৰীয়ে..
অসম আৰক্ষীয়ে উৎপল বৰাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ কুকৰ্মই সকলোকে স্তম্ভিত কৰিছে। উৎপল বৰা বৰ্তমান খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত হৈ আছিল।