বক্স অফিচত লোকেল উৎপাতৰ বৃহৎ সফলতাৰ পাছত মুক্তিৰ বাবে এতিয়া সাজু হৈছে ‘লোকেল কুংফু’ খ্যাত অভিনেতা-পৰিচালক কেনী বসুমতাৰীৰ পৰৱৰ্তী অসমীয়া ছবি ‘কি কোৱা, দোস্তি..!’ ২৮ এপ্ৰিলত মুক্তি পাবলগীয়া ছবিখনৰ ট্ৰেইলাৰ ১৪ মাৰ্চ তাৰিখে ডা: লিমা দাসে মুকলি কৰে।

ছবিখনৰ সন্দৰ্ভত কেনীয়ে কয়, “কি কোৱা, দোস্তি…!” মূলত: ভাড়াঘৰৰ কাহিনী ৷ আমাৰ বহুতৰে হোষ্টেল, ভাড়াঘৰ অথবা মেছত থকাৰ অভিজ্ঞতা আছে। আমাৰ এই ছবিখনত ভাড়াঘৰত থকা চাৰিজন যুৱক আৰু তিনিগৰাকী যুৱতীৰ মাজত সংঘটিত কেতবোৰ দুঃসাহসিক ঘটনা উপস্থাপন কৰা হৈছে।”

মুক্তিৰ পূৰ্বেই যথেষ্ট চর্চা লাভ কৰা এই ছবিখনত অভিনয় কৰিছে নৱাগত ৰূপী ফুকন, শ্রুতি হুছেইন, নিমি দেউৰী, ছাজু আহমেদ, কেশিক নাথ, যতীন দাস আৰু দীপজ্যোতি দত্তই।

“২৬ এপ্ৰিলত সমগ্ৰ ৰাজ্যজুৰি মুক্তি পাবলগীয়া এই ছবিখনত বিভূতি ভূষণ হাজৰিকা, গায়ত্রী শৰ্মা, বিভাষ সিনহা, উৎকল হাজোৱাৰী আৰু ৰুবুল বড়োৰ দৰে বহু প্ৰখ্যাত অভিনেতা-অভিনেত্রীয়ে অতিথি শিল্পী হিচাপে অভিনয় কৰিছে।

প্ৰথমবাৰৰ বাবে অসমীয়া ছবিক এক উজ্জ্বল তথা ৰঙীন ৰূপ দিবলৈ এমুথি পুথিৰ পৰিচালক কুলনন্দিনী মহন্তই প্রযোজনা ডিজাইনাৰ হিচাপে কাম কৰিছে। লোকেল উৎপাতৰ নয়িকা পুনম গুৰুঙে সাজ-পাৰ “ষ্টাইলিষ্ট” হিচাপে কাম কৰিছে।

ছবিখন সন্দৰ্ভত ‘আমিষ’ খ্যাত অভিনেত্ৰী ডা: লিমা দাসে কয়, “যদি আপোনাৰ প্ৰেম, হাঁহি আৰু বন্ধুত্ব প্ৰিয়, তেন্তে আপুনি ‘কি কোৱা, দোস্তি…! চাবই লাগিব।”

ছবিখনৰ উৎপত্তি সম্পর্কে কেনীয়ে কয়, “মই সদায় ফেওলৰ দৰে টিভি হৰোধৰ অনুভূতিক চলচিত্ৰৰ জৰিয়তে পুনৰ সৃষ্টি কৰিব বিচাৰিছিলো, যাক দৰ্শকে বাৰে বাৰে উপভোগ কৰিব পাৰে। ‘কি কোৱা দোস্তি…” এই দিশতেই এক প্রয়াস, এইখন ছবিখন আপুনি বন্ধু আৰু পৰিয়ালৰ সৈতে বাৰে বাৰে চাব পাৰে আৰু প্ৰতিবাৰেই উপভোগ কৰিব পাৰিব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply