স্থবিৰ হৈ পৰিছে ইউক্ৰেইনৰ যুদ্ধ। ইউক্ৰেইনৰ সামৰিক চোৰাংচোৱা মুৰব্বী কিৰিলো বুদানোভে বিবিচিৰ আগত এই কথা সদৰী কৰিছে। তেওঁ কয়, “ৰাছিয়া বা ইউক্ৰেইন কোনোৱেই ইয়াৰ সঠিক সুবিধা ল’বলৈ সক্ষম হোৱা নাই আৰু দুয়োপক্ষই কোনো গুৰুত্বপূৰ্ণ অগ্ৰগতি পোৱা নাই।”
ইউক্ৰেইনৰ চোৰাংচোৱা মুৰব্বীগৰাকীয়ে লগতে কয় যে কিয়েভে যুদ্ধত অধিক সুবিধা লোৱাৰ বাবে পশ্চিমৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ বাবে অপেক্ষা কৰি আছে।
উল্লেখ্য যে যোৱা নৱেম্বৰত ইউক্ৰেইনৰ সৈন্যই খেৰচন চহৰ নিজৰ নিয়ন্ত্ৰণত লোৱা বুলি দাবী কৰিছিল।
ইউক্ৰেইনৰ সামৰিক চোৰাংচোৱা মুৰব্বীগৰাকীয়ে দাবী কৰিছে যে ৰাছিয়া এতিয়া গৰাৰ কাষত থিয় হৈ আছে। তেওঁলোকে গুৰুত্বপূৰ্ণ ক্ষতিৰ সন্মুখীন হৈছে। আনহাতে, ইউক্ৰেইনৰ সৈন্যসকল বিভিন্ন স্থানত আবদ্ধ হৈ আছে আৰু তেওঁলোকেও আগবাঢ়িব পৰা নাই।
কিৰিলোৱে কয়, “আমি ৰাছিয়াৰ সৈন্যক সম্পূৰ্ণৰূপে পৰাজিত কৰিব পৰা নাই। সিহঁতেও পৰা নাই। আমি নতুন অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ উপায় বিচাৰি আছো। আমি আৰু অধিক অত্যাধুনিক অস্ত্ৰ বিচাৰো।”