নিউজ ডেস্ক- নুনমাটিৰ  ডাবল মাৰ্ডাৰ কাণ্ডৰ বন্দনা কলিতাই স্বীকাৰোক্তি দি কয় আনৰ দ্বাৰা প্ৰৰোচিত হৈ শাহুৱেক আৰু স্বামীক তেওঁ হত্যা কৰিছিল।

জানিব পৰা মতে, আৰক্ষীয়ে ১৬০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰাৰ পাছত কালি এই চাঞ্চল্যকৰ মন্তব্য প্ৰকাশ কৰিছে অভিযুক্ত বন্দনা কলিতাই। কাৰাবন্দী হৈ থকা বন্দনা কলিতাক আৰক্ষীয়ে আদালতত হাজিৰ কৰাইছিল। আদালতলৈ আহোতে বিভিন্ন প্রশ্নৰ উত্তৰত অভিযুক্ত বন্দনাই উল্লেখ কৰে যে তেওঁ আনৰ দ্বাৰা প্ৰৰোচিত হৈ হত্যাকাণ্ড সংঘটিত কৰিছিল। কিন্তু কোনে তেওঁক প্ৰৰোচিত কৰিলে?  এই সন্দৰ্ভত কৰা প্ৰশ্নৰ কোনো উত্তৰ দিব নোৱাৰো আৰু নাম ক’ব নোৱাৰে বুলি উল্লেখ কৰে।

উল্লেখ্য যে, চাঞ্চল্যকৰ গুৱাহাটী ডাবল মাৰ্ডাৰৰ এক বৃহৎ পৰিঘটনাত অসম আৰক্ষীয়ে তিনিমাহৰ অন্তত অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ দুজন সহযোগীৰ বিৰুদ্ধে ১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বীত প্ৰস্তুত কৰে। চি জে এম ক’ৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীক। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে ৩ মাহৰ ভিতৰত চাৰ্জশ্বীট প্ৰস্তুত কৰি দাখিল কৰে আদালতত। এই অভিযোগনামাৰ ভিত্তিত আদালতে সোনকালে ৰায়দান কৰাৰ সম্ভাৱনা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply