নিউজ ডেস্ক: অৰুণাচল প্ৰদেশৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক অপসাৰণ কৰা হ’ল কেন্দ্ৰীয় আইন মন্ত্ৰীৰ দায়িত্বৰ পৰা। কিৰেণ ৰিজিজুৰ সলনি অৰ্জুন ৰাম মেঘৱালক ভাৰতৰ নতুন আইন মন্ত্ৰী হিচাপে নিযুক্তি দিছে কেন্দ্ৰীয় চৰকাৰে।
নৰেন্দ্ৰ মোদী কেবিনেটৰ অন্যতম গুৰুত্বপূৰ্ণ মন্ত্ৰী কিৰেণ ৰিজিজুক প্ৰদান কৰা হৈছে ভু-বিজ্ঞান বিভাগৰ দায়িত্ব।
কালি ৰাষ্ট্ৰপতি ভৱনৰ এক বিবৃতিত কোৱা হৈছে যে প্ৰাক্তন আই এ এছ বিষয়া অৰ্জুন ৰাম মেঘৱালক বৰ্তমানৰ পৰ্টফলিঅ’ৰ উপৰিও আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে স্বতন্ত্ৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
উল্লেখ্য যে মন্ত্ৰী কিৰেণ ৰিজিজুৱে যোৱা এটা বছৰত ন্যায়পালিকাক লৈ যথেষ্ট সৰৱ ভুমিকা পালন কৰিছিল। ন্যায়াধীশ নিযুক্তিৰ কলেজিয়াম ব্যৱস্থাক লৈও সোচ্চাৰ আছিল ৰিজিজু। ন্যায়াধীশ নিযুক্তিৰ ব্যৱস্থা আৰু কাৰ্যবাহী আৰু ন্যায়পালিকাৰ মাজত ক্ষমতা বিভাজনক লৈ তেওঁ সময়ে সময়ে প্ৰশ্ন উত্থাপন কৰি আহিছিল।
বিভিন্ন ৰাজহুৱা মঞ্চত ৰিজিজুৱে কলেজিয়াম ব্যৱস্থাটোক “অস্বচ্ছ”, আৰু “পৃথিৱীৰ একমাত্ৰ ব্যৱস্থা য’ত ন্যায়াধীশে তেওঁলোকৰ চিনাকি লোকক নিযুক্তি দিয়ে” বুলি অভিহিত কৰিছিল।