গুৱাহাটী : উচ্ছেদৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। উচ্ছেদিত লোকে পুনৰ সংস্থাপন নোপোৱা পৰ্যন্ত চলিব প্ৰতিবাদ। প্রতিবাদস্থলী শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। চৰকাৰক তীব্ৰ আক্ৰমণ প্ৰতিবাদকাৰীৰ।
চচলস্থিত ধৰ্ণা স্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী। শিলসাঁকো বিলত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে কৃষক মুক্তি সমগ্ৰাম সমিতিয়ে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে।
সোমবাৰে শিলসাঁকো বিলৰ পৰা উচ্ছেদ কৰা পৰিয়াল কেইটাক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী অধিক উত্তাল কৰি তোলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানৰৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে।
লগতে পঢ়ক – বটদ্রৱা কাণ্ডৰ আন এজন অভিযুক্তক আটক
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰে। শিলসাঁকো বিলৰ পৰা উচ্ছেদ কৰা পৰিয়াল কেইটাক পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণ নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলিও কয় বিধায়ক অখিল গগৈয়ে।