কোকৰাঝাৰ : কোকৰাঝাৰ গুলী চালনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইতিমধ্যে এই গুলী চালনাৰ লগত জড়িত থকাৰ সন্দেহত এগৰাকী মডেলসহ ছয়জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। আটক কৰা সকলক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
শনিবাৰে নিশা কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰিত সংঘটিত হৈছিল এক গুলী চালনাৰ ঘটনা। সুনীল মণ্ডল নামৰ এজন ব্যৱসায়ীক লক্ষ্য কৰি গুলী চালনা কৰা হৈছিল। সুনীল মণ্ডলৰ বুকুত দুৰ্বৃত্তৰ গুলী লগাত সুনীল মণ্ডলক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
আৰক্ষীয়ে এই গুলী চালনাৰ ঘটনাৰ তদন্ত আৰম্ভ কৰি বৰ্তমানলৈকে মুঠ ছয়জনকৈ লোকক আটক কৰিছে। লোক কেইজনৰ ভিতৰত আছে এগৰাকী মডেল। নৱনীতা বৰ্মন বোথ্ৰা নামৰ মডেল গৰাকীক স্বামী বিকাশ বোথ্ৰাসহ আটক কৰিছে আৰক্ষীয়ে।
লগতে পঢ়ক – কৃত্ৰিম বানৰ কবলত অৰ্ধ শতাধিক গাঁও
নৱনীতা বৰ্মন বোথ্ৰা আৰু বিকাশ বোথ্ৰাই কেএলঅ’ৰ পাৰ্থ প্ৰতিম বৰ্মন নামৰ এজন সদস্যৰ লগত সম্পৰ্ক ৰখাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে। এই গুলী চালনাৰ ঘটনাৰ লগত পাৰ্থ প্ৰতিম বৰ্মন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আন চাৰিজন লোককো আটক কৰিছে আৰক্ষীয়ে।