নিউজ ডেস্কঃ প্ৰথমে দ্যা কাশ্মীৰি ফাইলছ, দ্বিতীয়তে দ্যা কেৰালা ষ্ট’ৰী আৰু এতিয়া আহি আছে “দ্যা ডায়েৰী অৱ ৱেষ্ট বেংগল”। কেৰালাৰ ৩২ হেজাৰ মহিলা-যুৱতী আইছিছৰ জালত পেলোৱাৰ কাহিনীৰে নিৰ্মিত দ্যা কেৰালা ষ্ট’ৰীৰ চৰ্চাৰ ভালদৰে শেষ নহওঁতেই এতিয়া সন্মুখলৈ আহিছে “দ্যা ডায়েৰী অৱ ৱেষ্ট বেংগল”।

শেহতীয়া ভাৱে পশ্চিম বংগ চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল দ্যা কেৰালা ষ্ট’ৰী ছবি খন। কিন্তু আদালতৰ নিৰ্দেশৰ পিছতেই পশ্চিম বংগ চৰকাৰে নিৰ্দেশত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। এনে প্ৰত্যাহাৰৰ পিছতেই পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰে এতিয়া ‘দ্যা ডায়েৰী অব্ ৱেষ্ট বেংগল’ নামৰ চিনেমাখনৰ পৰিচালক মনোজ মিশ্ৰলৈ জাৰি কৰিছে চমন ।

YouTube video

খুব কম দিনৰ ভিতৰতে মুকলি হ’বলগীয়া ছবিখনত বংগত ব্যাপক মাত্ৰাত হোৱা গণহত্যা, বলাৎকাৰ আৰু হিন্দুৰ প্ৰব্ৰজন হোৱা বুলি দেখুওৱাবলৈ চেষ্টা কৰা পৰিচালকক জেৰাৰ বাবে অহা ৩০ মে’ত হাজিৰ হ’বলৈ কলকতা আৰক্ষীয়ে প্ৰদান কৰিছে নির্দেশ।

এই জাননীৰ পিছতেই তেওঁ বিৰোধে হাৰাশাস্তি কৰিবলৈ গোচৰ তৰিছে বুলি মনোজ মিশ্ৰই দাবী কৰিছে। লগতে তেওঁ বংগ বৰ্তমান ভাৰতৰ নতুন কাশ্মীৰ কোৱা উপৰিও চিনেমাখন তথ্যভিত্তিত বুলি জনাইছে।

লগতে পঢ়ক – ঘোষণা হ’ল ICC বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰাইজমানি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply