আমিনগাঁও : ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া কীর্তি জল্লীয়ে বুধবাৰে কামৰূপ জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। এই উপলক্ষে উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত জিলা প্রশাসনৰ তৰফৰ পৰা নৱনিযুক্ত উপায়ুক্ত গৰাকীক উষ্ম আদৰণি জনােৱাৰ লগতে বিদায়ী উপায়ুক্ত কৈলাশ কার্তিক এনক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনােৱা হয়।
জিলা উন্নয়ন আয়ুক্ত নৰসিং বেৰ সভাপত্বিত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্রী তথা জিলাখনৰ অভিভাৱক মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে বিদায়ী উপায়ুক্ত কৈলাশ কার্তিক এনৰ উদ্ভৱনীমূলক চিন্তা, কর্মদক্ষতা, নেতৃত্ব বহনকাৰী দক্ষতাৰ শলাগ লােৱাৰ উপৰি নৱনিযুক্ত উপায়ুক্ত কীর্তি জল্লীৰ কষ্টসহিষ্ণুতা, কর্মদক্ষতাই জিলাখনক আৰু অধিক আগুৱাই লৈ যাব বুলি আশা প্রকাশ কৰে। সভাত বক্তব্য প্রদান কৰি বিদায়ী উপায়ুক্ত কৈলাশ কার্তিক এনে বিগত দুটা বছৰে জিলা প্রশাসন তথা অন্যান্য বিষয়া-কৰ্মচাৰী সকলে আগবঢ়োৱা সহায়-সহযােগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নতুন উপায়ুক্তৰ বলিষ্ঠ নেতৃত্বত জিলাখনৰ বিকাশৰ গতি আৰু অধিক স্বৰান্বিত হ’ব বুলি আশা প্রকাশ কৰে।
দায়িত্বভাৰ গ্ৰহণ কৰি প্ৰদান কৰা বক্তব্যত জিলা উপায়ুক্ত কীর্তি জল্লীয়ে প্রতিষ্ঠান সদৃশ কৃতিত্বৰ গৰাকী বিদায়ী উপায়ুক্ত কৈলাশ কার্তিক এনৰ উদ্ভাৱনী মূলক কাম-কাজ সমূহ আগুৱাই নিয়াৰ লগতে অভিভাৱক মন্ত্রী চন্দ্রমােহন পাটোৱাৰীৰ দিহা-পৰামৰ্শৰে জিলাখনৰ সৰ্বাংগীণ বিকাশৰ বাবে উৎসর্গিত মনােভাৱেৰে কৰ্মত নিয়ােজিত হ’ব বুলি কয়। তেওঁ লগতে টিম কামৰূপৰ মানসিকতাৰে সকলাে কামকাজত সহায়-সহযােগতিতা আগবঢ়োৱাৰ বাবে বিষয়া-কৰ্মচাৰী সকলক আহ্বান জনায়।.অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে আদৰণি ভাষণ প্রদান কৰা অনুষ্ঠানত আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত জাবীৰ ৰাহুল সুৰেশকে ধৰি বিভিন্ন বিষয়া কৰ্মচাৰীয়ে বক্তব্য প্রদান কৰে।
লগতে পঢ়ক – জেহাদীৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীৰ এটাৰ পিছত আনটো অভিযান
অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সিদ্ধার্থ গােস্বামী, প্রণৱ দত্ত গােস্বামী, সহকাৰী আয়ুক্ত, চক্ৰ বিষয়া সকলােকে ধৰি জিলাখনৰ বিভিন্ন বিভাগৰ জেষ্ঠ বিষয়া তথা কৰ্মচাৰী সকল উপস্থিত থাকে।উক্ত অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্রী প্রাতিষ্ঠানিক বৃক্ষৰােপণ আঁচনিৰ অধীনত জিলাৰ অভিভাৱক মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, সর্বশিক্ষা অভিযানৰ পৰিচালন সঞ্চালক তথা জিলাৰ অভিভাৱক সচিব ওম প্রকাশ, বিদায়ী উপায়ুক্ত কৈলাশ কার্তিক এন আৰু উপায়ুক্ত কীর্তি জল্লীয়ে সংহত উপায়ুক্ত কার্যালয় চৌহদত এক বৃক্ষৰােপণৰ কাৰ্যসূচীতে ভাগ লয়।