নিউজ ডেস্ক: অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে শনিবাৰে বনভূমিত বাস কৰা পৰিয়ালক ভূমি আবণ্টন কৰে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বেলশিৰিস্থিত বালাবাৰী প্ৰাথমিক বিদ্যালয় খেলপথাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ভূমি পাট্টা প্ৰদান কৰে।

বন অধিকাৰ আইন ২০০৬ ৰ অধীনত ৬৩২ জন হিতাধিকতাৰী পৰিয়ালক মন্ত্ৰী অশোক সিংহলে ভূমি আবণ্টন প্ৰমাণ পত্ৰ প্ৰদান কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে, মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰে জনজাতীয় লোকসকলক ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সদায়েই দায়বদ্ধ হৈ আছে।

অনুষ্ঠানটোত বি.টিআৰ. চৰকাৰৰ উপ মুখ্যকাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, কাৰ্যবাহী সদস্য নিলোৎ স্বৰ্গীয়ৰী, জিলাখনৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, নিখিল বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা খুংখ্ৰা স্বৰ্গীয়াৰী, সম্পাদক আনন্দ দৈমাৰী আৰু অধ্যক্ষ আবিল নাৰ্জাৰী উপস্থিত থাকে।

লগতে পঢ়ক – ৰাজ্যত সেউজ গৃহ ইন্ধন বৃদ্ধিৰ বাবে OIL আৰু AGCLৰ মাজত চুক্তি স্বাক্ষৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply