নিউজ ডেস্ক : অসমৰ লগতে মেঘালয়তো অব্যাহত থকা ধাৰাষাৰ বৃষ্টিপাত। ৰাজ্যখনত বৰষুণৰ লগতে জনসাধানৰ বাবে বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে ভূমিস্খলনৰ ঘটনাই। পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ইতিমধ্যে কেইবাটাও ভয়াবহ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।
ৰাজ্যখনৰ গাৰো পাহাৰ জিলাত শুকুৰবাৰে পুৱাৰ ভাগত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। গাৰো পাহাৰৰ বাঘমাৰাত নেৰা নেপেৰা বৰষুণৰ ফলত পাহাৰৰ মাটি খহি অহাত তিনিজনকৈ লোক পুত যায়। পৰৱৰ্তী সময়ত প্ৰশাসনৰ লোক উপস্থিত হৈ দীর্ঘ সময় চেষ্টা চলাই লোক তিনিজন মৃতদেহ উদ্ধাৰ কৰে।
লগতে পঢ়ক – গোৰেশ্বৰত বানৰ সংহাৰী ৰূপ: শুক্লাই নৈৰ মথাউৰি চিঙি জলমগ্ন কুৰিখনৰো অধিক গাঁও
এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা বাঘমাৰাৰ অৱৰ্তন ভৱনৰ কাষত সংঘটিত হয়। উল্লেখ্য যে অসমতো নেৰা নেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। বৰ্তমানলৈকে অসমত ভূমিস্খলনৰ ঘটনাত ৬ জনকৈ লোকৰ মৃত্যু হৈছে।