গুৱাহাটী : নেৰা নেপেৰা বৰষুণৰ ফলত মহানগৰীৰ পাহাৰীয়া অঞ্চল সমূহত বৃদ্ধি পাইছে ভূমি স্খলনৰ ঘটনা। বিগত দিন সমূহত মহানগৰীৰ বিভিন্ন অঞ্চলত সংঘটিত হৈছে কেইটাও ভূমিস্খলনৰ ঘটনা। শুকুৰবাৰে পুৱাৰ ভাগত মহানগৰী বশিষ্ঠত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।
বশিষ্ঠৰ বৈকুন্ঠপুৰত সংঘটিত হয় এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। নেৰা নেপেৰা বৰষুণৰ ফলত বৈকুন্ঠপুৰত এখন দেৱাল খহি পৰে। কল্পনা কুমাৰী ডেকা নামৰ এগৰাকী মহিলাৰ দেৱাল খহি পৰে ধনেশ্বৰ কলিতা নামৰ এজন লোকৰ ঘৰৰ ওপৰত।
লগতে পঢ়ক – বাঘমাৰাত ভূমিস্খলনত নিহত তিনিজনকৈ লোক
দেৱাল খহি পৰা সময়ত ধনেশ্বৰ কলিতাৰ পৰিয়াল ঘৰৰ ভিতৰতে আছিল যদিও কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ। দেৱালটোৰ লগতে পথ খহি পৰাত অঞ্চলটোৰ ৰাইজ যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। উল্লেখ্য যে কিছুদিন পূৰ্বে বৰাগাঁৱত পাহাৰ খহি ৪ জনকৈ লোকৰ মৃত্যু হৈছিল।