কাজিৰঙা : নেৰা নেপেৰা বৰষুণৰ ফলত পুনৰ ভূমিস্খলনৰ ঘটনা। এইবাৰ নগাঁও জিলাৰ কলিয়াবৰৰ বুঢ়াপাহাৰত ভূমিস্খলনৰ ঘটনা। বুঢ়াপাহাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল গছ আৰু প্ৰকাণ্ড শিল।

ৰাজ্যত নেৰা নেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত প্লাৱিত হৈছে কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল। আনহাতে বৰষুণৰ ফলত সংঘটিত হৈছে এটাৰ পিছত আনটো ভূমিস্খলনৰ ঘটনা।

এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গছ আৰু প্ৰকাণ্ড শিল বাগৰি পৰাত যাতায়ত বন্ধ হৈ পৰিছে। ভূমিস্খলনৰ এই ঘটনা সংঘটিত হৈছে বুঢ়াপাহাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। গছ আৰু শিল বাগৰি পৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৱদ্ধ হৈ পৰে শ শ বাহন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply