গুৱাহাটী : এফালে কৃত্ৰিম বানত ডুব গৈছে মহানগৰীৰ বিভিন্ন অঞ্চল, আনফালে মহানগৰীৰ পাহাৰীয়া অঞ্চল সমূহত তাণ্ডৱ সৃষ্টি কৰিছে ভূমিস্খলনে। দুদিনমান পূৰ্বে বৰাগাঁৱত পাহাৰৰ মাটি খহি নিহত হৈছিল চাৰিজনকৈ লোক। বৃহস্পতিবাৰেও কেইবাটাও অঞ্চলত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা।

বৃহস্পতিবাৰে মহানগৰী গুৱাহাটীৰ কামাখ্যা আৰু নুনমাটি অঞ্চলৰ শালবাৰীত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। কামাখ্যাৰ নাৰ্চৰীত সংঘটিত হোৱা ভয়াবহ ভূমিস্খলনৰ ঘটনাত ত্ৰিদিব মজুমদাৰ নামৰ এজন লোকৰ ঘৰ ক্ষতিগ্ৰস্ত হয়। পাহাৰৰ প্ৰকাণ্ড শিল খহি ত্ৰিদিব মজুমদাৰ নামৰ লোকজনৰ ঘৰৰ ওপৰত পৰে।

লগতে পঢ়ক – গোৱালপাৰাত দেৱাল খহি ভাতৃ-ভগ্নীৰ কৰুণ মৃত্যু

এই ঘটনাৰ ত্ৰিদিব মজুমদাৰৰ ঘৰক্ষতিগ্ৰস্ত হোৱাৰ লগতে ত্ৰিদিব মজুমদাৰৰ পত্নী মামণি দত্ত অহাত হয়। মামণি দত্তক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আনফালে নুনমাটি অঞ্চলৰ শালবাৰীত ভূমিস্খলনৰ ঘটনাত দুজনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আহত লোক দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply